Independence Day Celebration by Anajori Development Society

এনাজৰী উন্নয়ন সমিতিৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন

৭৭ তম স্বাধীনতা দিৱস উপলক্ষে এনাজৰী উন্নয়ন সমিতিৰ উদ্যোগত স্বাধীনতা দিৱসৰ অনুভৱ ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ ভাৱে হৃদয়ঙ্গম কৰোৱাৰ উদ্দেশ্যে নলবাৰীত দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় I
৭৭ তম স্বাধীনতা দিৱস উপলক্ষে এনাজৰী উন্নয়ন সমিতিৰ উদ্যোগত ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়িত কৰা হয়।পতাকা উত্তোলন কৰে প্ৰাক্তন প্ৰধান শিক্ষক হামিদ আলী আৰু অলিলুৰ ৰহমানে। যোবা দুই বছৰৰ দৰে এই বছৰো স্বাধীনতা দিৱসৰ অনুভৱ ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ ভাৱে হৃদয়ঙ্গম কৰোৱাৰ উদ্দেশ্যে দুটা শাখা ক্ৰমে ক শাখাত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু খ শাখাত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ চিত্ৰাংকন প্ৰতিযোগিতা নলবাৰী চহৰৰ হৰিমন্দিৰ উৰণীয়া সেঁতু উত্তৰ পাৰে অৱস্থিত শিক্ষণ ৩৬০(Learning 360) কোচিং চেন্টাৰ ত অনুষ্ঠিত কৰা হয় আৰু এই অনুষ্ঠানত এনাজৰী ৰ তত্বাৱধানত চালিত শিক্ষণ ৩৬০(Learning 360) কোচিং চেন্টাৰৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ আভ্যন্তৰিণ মূল্যায়ন পৰীক্ষাত প্ৰথম স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰীক বতা প্ৰদান কৰা হয় লগতে চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপ্ত ক্ৰমে ক শাখাৰ দিচামনি হালৈ আৰু খ শাখাৰ জেউতি মন্দল,দ্বিতীয় স্থান প্ৰাপ্ত ক শাখাৰ ৰুহুল আমীন আৰু খ শাখাৰ নাজমা আহমেদৰ লগতে তৃতীয় স্থান প্ৰাপ্ত ক শাখাৰ মনিচ মল্ল বুজৰ বৰুৱা আৰু খ শাখাৰ নিছবান শৰ্মা ক বটা বিতৰণ কৰা হয়। বিশিষ্ট শিক্ষাবিদ প্ৰনব চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰা সভাখনত এনাজৰীৰ সভাপতি মতিউৰ ৰহমানে আত ধৰে। অনুস্থানত সমূহ ছাত্ৰ, ছাত্ৰী, অভিভাৱক, এনাজৰী ৰ বিষয়ববীয়া , শিক্ষণ ৩৬০ (Learning 360) কোচিংৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী বৃন্দ উপস্থিত থাকে।
আজিৰ সভাতেই এনাজৰী ৰ উদ্যোগত সামাজিক আৰ্থিক ভাবে পিছপৰা শ্ৰেণীক ৰাইজৰ সহযোগিতা ৰ যোগেদি সহায় কৰাৰ বাবে প্ৰস্তাৱ লোৱা হয় আৰু সামাজিক সেচ্চাসেবক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় l
Celebrated 77 th independence day at our office premises.Begin the day with Flag hoisting followed by a painting competition among kids and children like previous years.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top